ছবি আঁকাৰ নীতি নিয়ম


(১) ছবি আঁকাৰ প্ৰথম পর্যায়

যি মাধ্যমৰ দ্বাৰা সুন্দৰৰ সন্ধান কৰা হয়, সেয়ে শিল্প বা কলা অর্থাৎ সৃজনীমূলক সকলোবোৰ মহৎ, সুন্দৰ সৃষ্টিকেই শিল্প কলা বোলা হয়। পণ্ডিতসকলে শাস্ত্রত শিল্প বা কলাক চৌষষ্ঠি ভাগত ভাগ কৰিছে। ছবি অঁকা বা চিত্রকলা (Painting) বিষয়টোক সুকুমাৰ কলাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। সকলোবোৰ ছবি বা চিত্রই দর্শনেন্দ্রিয় বা চকুক আবেদন কৰে। কাৰণে ইয়াক কোৱা হয় চাক্ষুষ কলা। ছবি এখন আঁকিবৰ বাবে শিল্পীয়ে ৰেখাৰ সহায় লয়। মূলতঃ ৰেখাৰ সহায়ত ছবি এখন অঁকা হয় যদিও ইয়াৰ প্ৰতিটো ৰূপ প্ৰকাশৰ বাবে সকলো চিত্রশিল্পীয়ে বিভিন্ন মাধ্যমৰ সহায় লয়। যিকোনো মাধ্যমৰ ছবি এখন আঁকিবলৈ লওঁতে প্ৰথমে আৰম্ভ কৰা হয় পেঞ্চিলেৰে। পেঞ্চিলৰ সহায়ত ছবিটো সুস্পষ্টভাবে আঁকি উলিওৱাৰ পাছত শিল্পী এজনে যিকোনো এটা ৰঙৰ মাধ্যমত তাক জীৱন্ত কৰি তোলে। বহু সময়ত ৰঙৰ সহায় নোলোৱাকৈ কেৱল পেঞ্চিলেৰে ছাঁ পোহৰৰ সহায়ত একোখন ছবিক জীৱন্ত কৰি তোলা হয়। পেঞ্চিলৰ দ্বাৰা এখন ছবি সম্পূৰ্ণ কৰিলে তাক পেঞ্চিল মাধ্যমৰ চিত্ৰ বুলি ক'ব পাৰি । পেঞ্চিল মাধ্যম অতি সুন্দৰ আৰু মনোগ্রাহী। প্ৰকৃততে চিত্রকলা প্ৰতিটো সৃষ্টিয়েই শিল্পীৰ নিজস্ব প্রকাশ। কোনো নীতি নিয়ম, বাধ্যবাধকতাৰ মাজত চিত্রকলাক আৱদ্ধ কৰিব পৰা নাযায়। একোগৰাকী শিল্পীৰ চিন্তা-চেতনা ইয়াক বিভিন্ন দিশলৈ বিস্তাৰিত কৰিব পাৰে। বিখ্যাত চিত্রশিল্পীসকলৰ শিল্পবাজি অধ্যয়ন কৰিলে এই কথা স্পষ্টভাবে বুজা যায়।
যি কি নহওক, একোগৰাকী ন-শিকাকরে পোন প্রথমে পেঞ্চিল চিত্র অংকনত দক্ষতা অৰ্জন কৰিব পাৰিব লাগিব। তেতিয়াহে তেওঁৰ সৃষ্টিয়ে পূর্ণতা লাভ কৰিব। সেয়ে প্রথম পৰ্যায়ত পেঞ্চিলেৰে মুক্ত হস্ত অংকন (Free hand drawing) অনুশীলনত গুৰুত্ব দিয়াটো প্রয়োজনীয়। ছাত্ৰ- ছাত্ৰীসকলৰ পেঞ্চিল চিত্র অংকনৰ বাবে যিখিনি নুন্যতম জ্ঞানৰ প্ৰয়োজন, সেইখিনি এই আলোচনাত দিবলৈ চেষ্টা কৰা হৈছে। অৱশ্যে চিত্রকলা, অংকন আদিবোৰ নিজস্ব ব্যৱহাৰিক অনুশীলনেহে পৰিপূৰ্ণ কৰিব পাৰিব।

পেঞ্চিল ধৰাৰ সাধাৰণ নিয়ম :


এজন জ্যেষ্ঠ বা সুদক্ষ চিত্রশিল্পীয়ে পেঞ্চিল এডাল যিকোনো ধৰণেৰে ধৰি ক্ষন্তেকতে নিখুত চিত্র এখন অংকন কৰিব পাৰে। কিন্তু ছাত্ৰ-ছাত্ৰী বা ন-শিকাৰু এজনে এনে কৰিবলৈ নগৈ কিছু নিয়মৰ মাজেৰে আগবাঢ়িলে অধিক সু- ফল পাব। এখন ছবিৰ আৰম্ভণি হয় পেলিডালেৰে প্ৰথমে মৰা আঁকটোৰ পৰা পেঞ্চিলডাল ধৰাটো সুবিধাজনক নহ'লে ছবি আঁকাটোও সুবিধাজনক নহ'ব। পেঞ্চিলৰ আগভাগৰ পৰা কমেও এক ইঞ্চিৰ ওপৰত পেঞ্চিল ধৰিব লাগে। অঁকাৰ সময়ত সদায় ৰেখাবোৰ ওপৰফালৰ পৰা তলফাললৈ আৰু বাঁওফালৰ পৰা সোঁফাললৈ টানিব লাগে। পেঞ্চিলৰ আগভাগ প্রয়োজন মতে জোঙা কৰি ৰাখিব লাগে। সবল বেখা, সৰল- ৰেখা, সমান্তৰাল ৰেখা আদিবোৰ শৰীৰৰ পোনত চিত্ৰপত্ৰ বা কাগজখন ৰাখি পোন হৈ আঁকিব লাগে। এনে কৰিলে ৰেখাবোৰ বেঁকা নহয়। বেঁকা ৰেখা আঁকিবৰ বাবে নিজৰ সুবিধা অনুযায়ী হাতখন সেই দিশত বেঁকা কৰি ল'ব লাগে। কেতিয়াবা বিন্দুৰ দিশত বেঁকা কৰি ল'ব লাগে। কেতিয়াবা বিন্দুৰ সহায়ত প্রথমে অংকন কৰি পাছত সম্পূর্ণ আঁকিলেও সুবিধাজনক হয়। সৰলৰেখা বা বেঁকা ৰেখা সঠিক আৰু শুদ্ধভাবে আঁকিবলৈ আঙুলিৰ ওপৰত ভাৰসাম্য ৰাখি আঁচ (Finger Stroke) টানিব লাগে। বা হাতৰ সৰু গাঁঠিৰ ওপৰত ভৰ দি বা ভাৰসাম্য ৰাখি (Wrist Stroke) আঁচ টানিব পাৰি। দেখা যায়, প্রথম অৱস্থাত ছবি আঁকোতে ছাত্র-ছাত্রীসকলে বহীখন নিজৰ সুবিধা মতে ঘূৰাই পকাই লয়। বৃত্ত এটাৰ বাবে বহীখনকেই এপাক ঘূৰায়। কিন্তু সুবিধাজনক যেন লাগিলেও এই অভ্যাস কৰাটো অনুচিত। কিয়নো যেতিয়া ডাঙৰ আকাৰৰ চিত্ৰপট এখনত এটা বৃত্ত আঁকিব লগা হ'ব, তেতিয়া সেইখনক বহী এখনৰ দৰে সহজে ঘূৰাব পৰা নাযাব। সেয়েহে সকলো সময়ৰ বাবে সুবিধাজনক আৰু সু-অভ্যাস হ'ব পেলিডালৰ সৈতে নিজৰ হাতখন সঞ্চালন কৰাটোহে।

পেঞ্চিল চিত্র অংকনৰ বাবে প্ৰয়োজন হোৱা সঁজুলিবোৰৰ লগত পৰিচয় :

কোনো এটা কাম কৰিবলৈ লওঁতে কামটোৰ লগত জড়িত আনুষংগিক বিষয়বোৰ সম্পৰ্কে সকলো কথা জানিবলৈ চেষ্টা কৰা প্ৰয়োজন । তেতিয়া আহৰণ কৰা জ্ঞানে সম্পূর্ণতা পায় আৰু কৰিবলৈ লোৱা কামটোৱেও পৰিপূর্ণতা লাভ কৰে। যিহেতু পেঞ্চিল চিত্র অংকনৰ বাবে আমি সাজু হৈছে, গতিকে আমাক সততে প্রয়োজন হোৱা বস্তু বা সঁজুলিবোৰ কি কিনো জানি থওঁ। বিভিন্ন মাধ্যমৰ চিত্ৰ অংকন কৰিবৰ বাবে বিভিন্ন ধৰণৰ সঁজুলিৰ প্রয়োজন হয়। ছবি আঁকাৰ বাবে যিবোৰ সামগ্ৰীৰ প্রয়োজন হয় তাক কৰণ বোলা হয়। যেনেঃ ড্রয়িং পেপাৰ, পেঞ্চিল, ড্রয়িং বোর্ড, বাবাব, ষ্টেণ্ড, তুলিকা আদি। আকৌ যিবোৰ প্ৰয়োগ মাধ্যমৰ জৰিয়তে ছবি আঁকা হয় তাক উপকৰণ বোলে। যেনে: পানী বং, তেল বং, মন রং, পেঞ্চিল, কলম ইত্যাদি। তেনেদৰে ছবিৰ আংগিকগত দিশটোক কোৱা হয় প্রকরণ বুলি। অৰ্থাৎ প্ৰকৰণ হ'ল ছবিৰ বিষয়বস্তুক উপস্থাপন কৰাৰ নিৰ্দিষ্ট কৌশল।

এতিয়া আমি ছবিৰ কৰণসমূহৰ লগত চিনাকি হওঁ। ছবি আঁকিবলৈ লোৱাৰ আগতেই সামগ্ৰীকেইপদ যোগাৰ কৰি ল'ব লাগিব। সেইবোৰ হ'ল-

১) চিত্রপট : যিখন সমতলৰ ওপৰত ছবিখন অঁকা হ'ব তাকে চিত্রপট বোলে। ছবি অঁকাৰ বাবে নানা ধৰণৰ চিত্ৰপট ব্যৱহাৰ কৰা হয়। সাধাৰণতে পেঞ্চিল, পেষ্টেল বা পানীৰঙৰ ছবি আঁকোতে ভিন্ন গুণধর্ম কাগজকেই চিত্রপট ৰূপে অধিক ব্যৱহাৰ কৰা হয়। বগা ড্রয়িং পেপাৰ, কার্ডবোর্ড, পেষ্টবোর্ড, হার্ডবোর্ড, কেনভাছ, গ্লাছ আদিকো শিল্পীসকলে চিত্ৰপটৰূপে ব্যৱহাৰ কৰি সুন্দৰ চিত্ৰ অংকন কৰে।

২) ড্রয়িং বোর্ড : ছবি আঁকাৰ সময়ত কাগজখন সঠিকভাৱে ৰাখিবৰ বাবে এখন বোৰ্ডৰ প্ৰয়োজন হয়। প্লাইবোর্ড, হার্ডবোর্ড বা আন কাঠ কাটিও ড্রয়িং বোর্ড সাজি ল'ব পাৰি। ইয়াৰ আকাৰ প্ৰয়োজন মতে ডাঙৰ বা সৰু হ'ব পাৰে ই চিত্রশিল্পীজনৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰে।

৩) বোর্ড পিন বা বোর্ড ক্লিপঃ চিত্রপটখন ড্রয়িং বোৰ্ডত ভালকৈ অর্থাৎ লচৰ নোহোৱাকৈ লগাই ল'বৰ বাবে শিক্ষার্থীয়ে সুবিধামতে পিন বা ক্লিপ লগাই ল'ব লাগে। নিজৰ সুবিধা মতে চিত্ৰশিল্পীয়ে এইবোৰ সামগ্ৰী ব্যৱহাৰ কৰে।

৪) জ্যামিতি বাকচ : মুক্তহস্ত অংকন (Free hand drawing) কৰোঁতে জ্যামিতি বাকচৰ প্ৰয়োজন নহয়। কিন্তু ব্যৱহাৰিক কলা (Commercial art)ৰ ক্ষেত্ৰত জ্যামিতি বাকচৰ সা-সৰঞ্জামসমূহ অতি প্রয়োজনীয়। কিয়নো ব্যৱহাৰিক কলাত কিছুমান চিত্র অংকনত জোখ- মাখত গুৰুত্ব দিবলগীয়া হয়।

৫) পেঞ্চিল : চিত্র অংকনৰ আৰম্ভণি সুন্দৰকৈ কৰিবৰ বাবে ভাল পেঞ্চিলৰ প্ৰয়োজন। পেঞ্চিলডালৰ উপযুক্ততাই ছবিখনৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰে। বজাৰত কিনিবলৈ পোৱা উন্নতমানৰ পেঞ্চিলসমূহক দুটা ভাগত ভাগ কৰা হয়। H (এইচ) আৰু B (বি গ্রেড। প্রথমভাগৰ পেঞ্চিলবিলাক ক্ৰমে H ৰ পৰা 6H লৈ কঠিন হৈ গৈ থাকে। তেনেদৰে B গ্রেডৰ পেঞ্চিলবিলাক 2B ৰ পৰা ক্ৰমে 6B লৈ কোমল আৰু ক'লা হৈ গৈ থাকে। তাতোকৈও অধিক কোমল আৰু ক'লা পেঞ্চিলৰ প্ৰয়োজন হ'লে B, BB BBB ক্রমে কোমল আৰু অধিক ক'লা পোৱা যাব। কেৱল HB পেঞ্চিলক মজলীয়া শ্ৰেণীত ধৰা হয়।

৬) ৰবৰ (Eraser) : ছবি আঁকোতে চিত্ৰপটত হোৱা ভুল বা অপ্রয়োজনীয় ৰেখাসমূহ মচি পেলাবলৈ ইৰেজাৰ বা ৰবৰৰ প্ৰয়োজন হয়। যদিও ছবি আঁকাৰ সময়ত ৰবৰ নহ'লেই নহয়, কিন্তু নতুনকৈ ছবি শিকোতা সকলে মনত ৰখা উচিত যে ছবি আঁকোতে ৰবৰৰ ব্যৱহাৰ যিমান পাৰি কমকৈ কৰিব পাৰিলে ভাল। ৰবৰ সদায় তেলযুক্ত আৰু কোমল হ'ব লাগে ৷ ছবি অঁকাৰ সময়ত ৰবৰ পৰিষ্কাৰ হৈ থকাটো বাঞ্ছনীয়। লেতেৰা ৰবৰেৰে মোহাৰিলে যিকোনো বগা কাগজ লেতেৰা হৈ পৰিব। বাৰে বাৰে মোহাৰি থাকিলে কাগজ ক্ষয় গৈ ফাটি যাবও পাৰে।

৭) ছুৰী, ব্লেড আৰু চিচ কাগজ : পেঞ্চিল জোঙা কৰিবৰ বাবে ছুৰী বা পেঞ্চিল কটা মেচিন (কাটাৰ) ব্লেড আদিৰ প্ৰয়োজন হয়। পেঞ্চিল জোঙা কৰাৰ পিছত চিচ কাগজ এডোখৰত পেঞ্চিলডালৰ আগটো ঘঁহিলে পেঞ্চিলডাল অঁকাৰ বাবে উপযুক্ত হয়। এই ধৰণৰ সঁজুলিবোৰ সদায় নিজৰ সুবিধা অনুযায়ী ল'লেই ভাল।
৮) ষ্টেণ্ড (Stand Easal) : ডাঙৰ চিত্ৰপটত অংকন কৰাৰ বাবে চিত্রপট ষ্টেণ্ডৰ সহায়ত সুন্দৰকৈ সজাই ল'ব পাৰি। তেতিয়া আঁকোতাই ঘৰৰ ভিতৰত, বাহিৰত থিয় হৈ বা বহি ইচ্ছা মতে কাম কৰিব পাৰে। ছবি অঁকাৰ বাবে ব্যৱহাৰ হোৱা ষ্টেণ্ডডাল তিনিডলীয়া হেলনীয়া কাঠৰ বা ধাতুৰ হ'ব পাৰে। বছতে এই ষ্টেওডালতে ৰং আৰু অন্যান্য সামগ্ৰী থৈ লোৱাৰো ব্যৱস্থা ৰাখে। উক্ত সামগ্ৰীসমূহৰ সহায়তেই এখন পেঞ্চিল চিত্ৰ সুন্দৰকৈ অংকন কৰিব পৰা যায়। যদিহে চিত্ৰত ৰঙৰ ব্যৱহাৰ কৰা হয়, তেন্তে অন্যান্য কেতবোৰ সামগ্ৰীৰো প্ৰয়োজন হয়। সেইবোৰৰো এটি আভাস দি থ'লে বিষয়টোৱে সম্পূর্ণতা পাব।
৯) মম ৰং বা পেষ্টেল কালাৰ : ই এবিধ মম জাতীয় ৰং। চিত্ৰপটত ঘঁহি ঘঁহি এই ৰং কৰা হয়। দুটা ৰঙৰ সংমিশ্ৰণত নতুন এটা ৰং সৃষ্টি কৰাৰ সুবিধা এই মাধ্যমত নাই যদিও প্রথম অৱস্থাত এই ৰঙৰ ব্যৱহাৰ অতি সুবিধাজনক। বর্তমান বজাৰত বিভিন্ন ধৰণৰ মম ৰং উপলব্ধ। যেনেঃ- ক্রেয়ন পেঞ্চিল (Cryon Pencil), প্লাষ্টিক ক্রেয়ন (Plastic Cryon) অইল পেষ্টেল (Oil Pastel) ইত্যাদি।
১০) নিব, কলম, বল, পইণ্ট কলম, স্কেচ কলম : আমাৰ সাধাৰণ লিখা- পঢ়াৰ কামতো অপৰিহাৰ্য এই কেইবিধ সামগ্রী বিভিন্ন চিত্র অংকনতো প্রয়োজন হয়। প্রথম অৱস্থাত এইবোৰ ব্যৱহাৰত গুৰুত্ব দিয়াৰ বিশেষ প্রয়োজন নাই ।
১১) বং প্লেট : পানী ৰং আৰু তেল ৰং ব্যৱহাৰ কৰাৰ সময়ত ৰঙৰ মিশ্রণ তৈয়াৰৰ বাবে এখন বিশেষ ধৰণৰ প্লেটৰ প্ৰয়োজন। পানী ৰং মিশ্ৰণৰ বাবে বজাৰত সুবিধাজনক প্লেট কিনিবলৈ পোৱা যায়৷ এনে প্লেটৰ ভিতৰভাগ বহুকেইটা ভাগত বিভক্ত কৰা থাকে। তেল ৰং মিশ্ৰণৰ বাবে ব্যৱহাৰ কৰা প্লেটখন কাঠ, হার্ডবোর্ড, প্লাইবোর্ড আদিৰে নিজৰ সুবিধামতে তৈয়াৰ কৰি ল'ব পাৰি। আজিকালি বজাৰতো কিনিবলৈ পোৱা যায়।
১২) তুলিকা বা ব্ৰাছ : তুলিকাৰ সহায়ত ছবিত ৰং প্রয়োগ কৰা হয়। ছবিৰ মাধ্যম অনুসাৰে তুলিকাৰ ব্যৱহাৰো ভিন্ন হয়। হাতৰ আঙুলিৰে চেপি ধৰিব পৰা দীঘল আৰু কলমাকৃতিৰ কাঠদণ্ডৰ আগভাগ কেৰ্কেটুৱা বা আন জীৱ-জন্তুৰ নোম মিহি টিনপাতেৰে সংযোগ কৰি তুলিকা বনোৱা হয়। পানী ৰং কৰোঁতে ছেবোল হেয়াৰৰ চেপেটা আৰু ঘূৰণীয়া তুলিকা ব্যৱহাৰ কৰা হয়। তেনেদৰে তেল ৰং ব্যৱহাৰ কৰিবৰ বাবে হগ হেয়াৰ চেপেটা আৰু গোটা (Hog hair flat & round) তুলিকাৰ প্ৰয়োজন হয়। ০00 পৰা ১৪ নম্বৰপৰ্যন্ত সৰু ডাঙৰ জোখৰ তুলিকা পোৱা যায়।
১৩) পাত্র : তৈল বা পানী ৰং ব্যৱহাৰ কৰোঁতে তেল, পানী আদি থৈ ল'বৰ বাবে পাত্ৰৰ প্ৰয়োজন হয়। পানীৰ বাবে বহল মুখৰ পাত্ৰ, টাৰপিন, লিনছিড আদি তেলৰ বাবে সৰু পাত্ৰৰ আৱশ্যক হয়। তেল ৰঙত ব্যৱহাৰ কৰা তুলিকা পৰিষ্কাৰ কৰিবৰ বাবে কেৰাচিন তেল ব্যৱহাৰ কৰা হয়। তাৰ বাবে বহল মুখৰ কিছু ডাঙৰ পাত্ৰৰ প্ৰয়োজন হয়। পেঞ্চিল আৰু যিকোনো মাধ্যমৰ ৰং ব্যৱহাৰ কৰি চিত্ৰ এখন অংকন কৰিবলৈ লোৱাৰ আগতে আলোচনা কৰি অহা সঁজুলিসমূহ যোগাৰ কৰি সেইবোৰৰ গুণাগুণ সম্পর্কে নিজস্ব অভিজ্ঞতা আহৰণ কৰাটো প্রয়োজনীয়। অবশ্যে কেইবাৰমান ব্যৱহাৰ কৰাৰ পিছত প্ৰতিটো সঁজুলিৰ প্রয়োজনীয়তা, সুবিধা-অসুবিধাবোৰ চিত্ৰ শিল্পীগৰাকীয়ে স্বতঃস্ফূর্তভাৱে অনুভৱ কৰিব। নিয়মিত অনুশীলন, এটি সৃষ্টিশীল মন আৰু ঐকান্তিকতাই এজন সফল শিল্পীক গঢ় দিয়ে। চিত্ৰকলাৰ ইতিহাস মানৱ সভ্যতাৰ সমানেই পুৰণি। প্ৰস্তৰ যুগৰ মানুহে তেওঁলোকৰ চিকাৰ জীৱনৰ অভিজ্ঞতা বর্ণনাই গুহাৰ বেৰত চিত্ৰ অংকন কৰিছিল। সেই সময়ত মানুহৰ ভাব বিনিময়ৰ অন্য মাধ্যমৰ কথা বাদেই ভাষায়ে বিকশিত হোৱা নাছিল। একেদৰেই ভাষা বা অনুষ্ঠানিক শিক্ষা গ্ৰহণৰ আগতেই এটি শিশুৱে ছবি আঁকিবলৈ আৰম্ভ কৰে। এই চিত্ৰত কোনো ব্যাকৰণ নাথাকে, থাকে শিশুমনৰ ভাব জগতত খেলা করা কিছুমান বিষয়ৰ চিত্ৰৰূপ। প্ৰকৃতাৰ্থত ৰেখাচিত্ৰৰ ৰেখাৰ জৰিয়তেই চিত্ৰকলাৰ আৰম্ভণি ঘটে।
চিত্ৰকলাৰ প্ৰাথমিক অৱস্থা হৈছে ৰেখাৰে কোনো বস্তুৰ স্পষ্ট গঢ় গঢ়া। বৰ্ণ বা আখৰ লিখিবৰ বাবে আমাক ৰেখাৰ প্ৰয়োজন হয়, ছবি আঁকিবৰ বাবেও ৰেখা অপরিহার্য। তেনেদৰে ভাস্কৰ্য কলাতো ৰেখাৰ গুৰুত্ব অপৰিসীম। এই গুৰুত্ব অনুধাৱন কৰি ন-শিকাৰুসকলে ৰেখা অংকনৰ অভ্যাস গঢ়ি তুলিব লাগিব, অতি নিষ্ঠাৰে।


ৰেখাৰে আৰম্ভণি হয় বিন্দুৰ পৰা। বিন্দু সংযোগ কৰিলে ৰেখাৰ সৃষ্টি হয়। যিকোনো এখন চিত্র অংকন কৰিবৰ বাবে আমাক বিভিন্ন আকাৰ আৰু আকৃতিৰ ৰেখাৰ প্ৰয়োজন হয়। গতিকে বিন্দু আৰু ৰেখা সম্পর্কে কিছু কথা জনাতো অপৰিহাৰ্য ।
বিন্দু ঃ বিন্দু হৈছে ছবিৰ আৰম্ভণি। বিন্দু অবিহনে কোনো বিষয়বস্তু অংকন সম্ভৱ নহয়। বিন্দু কি বা বিন্দুৰ সংজ্ঞা বিচাৰিলে ক'ব লাগিব যে যাৰ দীঘ আৰু প্ৰস্থ একো নাই, কেৱল অৱস্থান আছে তাকেই বিন্দু বোলে। সাধাৰণ অৰ্থত পেঞ্চিলৰ আগটোৰে কাগজত এটা ক্ষুদ্রতম চিহ্ন দিলেই সি এটা বিন্দু হয়। বিন্দুক ৰেখাৰ উৎস বুলিও ক'ব পাৰি। চিত্র অংকনৰ প্রাথমিক পৰ্যায়ত কেৱল বিন্দুৰ সহায়ত চিত্র অংকন কৰা হয়। বিন্দুৰ সহায়ত চিত্র অংকন কৰাতো ন-শিকাৰুসকলৰ বাবে সহায়কাৰী হয়। 
বিন্দুবোৰ লগ হৈ ৰেখাৰ আকৃতিত গতি কৰিলে তাক কোৱা হয়। বিন্দুৰ মেলা। চিত্ৰন আৰু লিখন, ছবি অঁকা আৰু লেখা এই উভয় কামৰ আৰম্ভণি যিহেতু বিন্দুৰ পৰাই হয়, গতিকে এই কাম কৰোঁতে যিকোনো পৰ্যায়ত কঠিন যেন অনুভৱ হ'লে বিন্দুৰ সহায় ল'লে কামটো সহজ হৈ পৰে।
ৰেখা : বিন্দুৰ গতিময় ৰূপকেই ৰেখা বোলা হয়। ই চিত্র অংকনৰ প্রাথমিক মাধ্যম। ৰেখা ভংগীৰ বৈচিত্ৰ্যৰ মাজেদি একোজন শিল্পীৰ বৈশিষ্ট্য আৰু ব্যক্তিত্ব প্রকাশ হয়। বিশিষ্ট চিত্রশিল্পীসকলে মত পোষণ কৰে যে ৰেখা যিমান স্পষ্ট, তীক্ষ্ণ আৰু সূক্ষ্ম হয়, কলা সৃষ্টিয়েও সিমান সম্পূর্ণতা লাভ কৰে। অপৈণত ৰেখাই শিল্পীৰ দুৰ্বল মন, অস্পষ্ট পৰিকল্পনা আৰু অস্থিৰতা সূচায়।
ৰেখাক বিভিন্ন বিভাগত ভাগ কৰা হৈছে। ৰেখাৰ আকৃতি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ নামকৰণ কৰা হৈছে। চিত্ৰত মূলতঃ ব্যৱহৃত তিনিবিধ ৰেখা হৈছে সৰল, বক্ৰ আৰু মিশ্ৰ ৰেখা।
সৰল ৰেখা ঃ দুটা নিৰ্দিষ্ট বিন্দুক পোনে পোনে সংযোগ কৰা ৰেখাই হৈছে সৰল ৰেখা। প্রধানতঃ অলংকৰণ আৰু জ্যামিতিক চিত্র অংকনৰ ক্ষেত্ৰত সৰল ৰেখাৰ ব্যৱহাৰ হয়। চিত্ৰকলাত সৰল ৰেখাই প্রশান্তভাবক প্ৰকাশ কৰে। এটা বিন্দুৰ পৰা একা-বেঁকা গতিৰে সৃষ্টি কৰা ৰেখাক বক্ররেখা বোলা হয়। বক্ৰ শব্দৰ অৰ্থই হৈছে বেঁকা। বিভিন্ন বক্রাকৃতিৰ বিষয়বস্তু অংকনৰ ক্ষেত্ৰত বক্ৰৰেখা ব্যৱহাৰ কৰা হয়। বক্ৰৰেখাই চিত্ৰকলাত অস্থিৰতা, 
অমনোযোগিতা প্রকাশ কৰে। ছবিৰ বিষয়বস্তুক অৰ্থপূৰ্ণ কৰি তুলিবৰ বাবে আৰু এবিধ ৰেখা ব্যৱহাৰ কৰা হয়। ইয়াক কোৱা হয় ললিত বা মিশ্র ৰেখা। অৱশ্যে বক্ৰৰেখাৰ লগত ইয়াৰ বিশেষ পার্থক্য নথকাৰ বাবে বহুতে দুয়োবিধকে একেলগে বক্ৰৰেখা ৰূপেই চিহ্নিত কৰে। বক্ৰৰেখা আৰু মিশ্ৰৰেখাৰ সহায়ত প্রাকৃতিক বিষয়, মানুহ, পশু-পক্ষী আদিৰ শৰীৰৰ বিভিন্ন টৌ, সাজ- পোছাক, চুলি আদিৰ ভাঁজ, অলংকাৰ আদিক স্পষ্ট ৰূপ দিয়া হয়। প্ৰাণস্পন্দনৰ বিচাৰ অনুযায়ী ৰেখাৰ আৰু তিনিটা বিভাগ আছে। সেইকেইটা হৈছে— সজীৱ বা জীৱন্ত ৰেখা, নিৰ্জীৱ ৰেখা আৰু নিপুণ ৰেখা। ছবি এখন প্রাণময় কৰি তুলিবৰ বাবে সজীৱ বা জীৱন্ত রেখা, প্ৰাণময়তাৰ অনুপস্থিতিৰ ক্ষেত্ৰত নিৰ্জীৱ ৰেখা আৰু দুয়োবিধৰ সাৰ্থক সমন্বয় প্ৰকাশৰ বাবে নিপুণ ৰেখা ব্যৱহাৰ কৰা হয়। গতি অনুসাৰে আকৌ ৰেখাক পাঁচটা ভাগত ভাগ কৰা হয়। যেনে— ঊর্ধগতি, অধোগতি, পার্শ্বগতি, বৃত্তগতি আৰু আৱতগতি।

ঊর্ধগতি : ৰেখাৰ ঊর্ধগতিয়ে বর্ধিত হোৱা উত্তেজনা আনন্দ আৰু প্রচণ্ড বেগ আদি ভাব প্রকাশ কৰে।

অধোগতি ঃ অপকর্ম, অৱসাদ, লাজ, সংকোচ, হীনমন্যতা, দুখ আদিৰ ভাব প্রকাশৰ ক্ষেত্ৰত অধোগতিৰ ৰেখা ব্যৱহৃত হয়।

বৃত্তগতি : একে ঠাইৰ পৰা আৰম্ভ হৈ সেই ঠাইতে ঘূৰি লগ হোৱা ৰেখাই হৈছে বৃত্তগতিৰ ৰেখা। ই পূৰ্ণতা আৰু শান্ত ভাব প্রকাশ কৰে।

পার্শ্বগতি : বিস্তাৰ, ব্যাপকতা, ব্যাকুলতা আদি ভাব প্রকাশৰ ক্ষেত্ৰত সহায় কৰে ৰেখাৰ পার্শ্বগতিয়ে । আৱতগতি ঃ আৱৰ্ত গতিৰ আকৃতিও প্রায় গোলাকাৰ । কিন্তু বৃত্তগতিৰ দৰে একে ঠাইৰ পৰা আৰম্ভ হৈ একে ঠাইলৈ ঘূৰি নাহে। গভীৰ অৰ্থৱহ তথা বিখ্যাত চিত্ৰকৰসকলৰ চিত্ৰ অধ্যয়ন কৰিলে ৰেখাৰ এই গতিবোৰ ব্যৱহাৰৰ ধৰণ দেখিবলৈ পোৱা যাব।